বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভ


বঙাইগাঁও, ২আগষ্ট : যোৱাকালিৰে পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা।ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক।তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়।এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থেই বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়।বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আজি পুৱা ১০-০০বজাত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয়।আৰু এই অনুষ্ঠান শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) নৱজ্যোতি ওজাই।তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত।মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়।আজি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্তনপান কক্ষ এটিও উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) নৱজ্যোতি ওজাই।

        আজিৰ সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:নীলমাধৱ দাসেও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়।

         সভাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক,উপ-অধীক্ষক, শিশু বিশেষজ্ঞসকল,জিলা আঁচনি প্ৰবন্ধক আৰু আন আন চিকিৎসকসকলো উপস্থিত থাকে।

Post a Comment

Previous Post Next Post