বঙাইগাঁৱত "চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ এশটা দিন" উপলক্ষ্যে নেতৃস্থানীয় লোকৰ উপস্থিতিত সংবাদ মেল তথা সভা


বঙাইগাঁও,২১আগষ্ট : ২০ আগষ্ট,২০২১ ইংৰাজী তাৰিখে বিয়লি বঙাইগাঁও জিলা প্ৰশাসনে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ এশটা দিন পূৰ্ণ হোৱা উপলক্ষ্যে "অনিৰুদ্ধ যাত্ৰাৰ এশটা দিন" শীৰ্ষক নেতৃস্থানীয় লোকৰ উপস্থিতিত সংবাদ মেল তথা সভা অনুষ্ঠিত কৰে।বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ৫-০০বজাত অনুষ্ঠিত এই অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে সমাজ কৰ্মী তথা সাংবাদিকৰ উপস্থিতিত চৰকাৰৰ এশদিনীয়া সাফল্যৰ এক চমু আভাষ দাঙি ধৰে উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ)ই। এখন কোভিডমুক্ত ৰাজ্য পাবৰ বাবে চৰকাৰৰ কোভিড-১৯ নিয়মাৱলী আৰু টীকাকৰণ প্ৰক্ৰিয়া,অক্সিজেন উৎপাদন কাৰখানা স্থাপন,এখন ড্ৰাগচমুক্ত অসম পাবৰ বাবে আৰক্ষীৰ জৰিয়তে নিচাজাতীয় সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান,ৰাজ্যিক চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্যাঞ্চলত আন্ত:গাঁঠনি প্ৰকল্প আদিৰ বাবে চৰকাৰী ভূমি আবন্টন সন্দৰ্ভত উপায়ুক্তক ক্ষমতা প্ৰদান,Supplementary Nutrition Programme ৰূপায়ণৰ ক্ষেত্ৰত মানবিশিষ্ট আৰু উপযুক্ত পৰিমাণৰ চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা উচিত দাম আহৰণ কৰা,ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লওতাৰ ঋণ ৰেহাই,অবৈধ গৰু সৰবৰাহ বন্ধ আইন প্ৰণয়ন,মন্দিৰ-নামঘৰ আদিৰ ভূমি বেদখলমুক্তকৰণ,আৰক্ষীত সংস্কাৰ,প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী নিয়োগ,জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান আদি সাফল্যৰ বিষয়ে এক আভাষ উপস্থাপন কৰে উপায়ুক্তগৰাকীয়ে।

কোভিড বিধৱাসকলক ২.৫০লাখ টকা সাহায্য হিচাপে আগবঢ়োৱাটো হৈছে এই চৰকাৰৰ এশদিনীয়া কৰ্মৰ অন্যতম সাফল্য।আনহাতে কোভিডত নিকটাত্মীয়ক সাহায্যও আগবঢ়াইছে এই চৰকাৰে। তদুপৰি প্ৰতিখন জিলাৰ ৫জনকৈ দক্ষ ৰাজপত্ৰিত আৰু অৰাজপত্ৰিত কৰ্মচাৰীক পুৰস্কাৰ দিয়া আৰু ৰাজ্যিক পৰ্যায়ত ১০জন ৰাজপত্ৰিত আৰু অৰাজপত্ৰিত কৰ্মাচাৰীক পুৰস্কৃত কৰাৰ লগতে এবছৰ চাকৰিকাল বৃদ্ধি কৰাৰ চৰকাৰে ঘোষণা কৰা সম্পৰ্কেও সভাত অৱগত কৰে উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই। আত্ম-সহায়ক গোটক সবল কৰাৰ বাবে তেওঁলোকৰ উৎপাদিত পিঠা-পনা চৰকাৰী অনুষ্ঠানত পৰিৱেশন কৰাৰ সিদ্ধান্তও ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লৈছে। লাভলীনাৰ দৰে অলিম্পিক বিজয় কৰি অহা খেলুৱৈৰ বাবেও ব্যৱস্থা লৈছে এই চৰকাৰখনে।এইসমূহ হ'ল ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এশ দিনৰ সুশাসনৰ ফল
        
        সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জিলাখনত আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ বিষয়ে অৱগত কৰে।

         বঙাইগাঁও জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহই কয় যে বৰ্তমানৰ চৰকাৰে কুশল কোৱঁৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন ,ইন্দিৰা মিৰি বৃদ্ধ পেঞ্চন আদি প্ৰতি মাহৰ ১০ তাৰিখে দিয়াটো এই চৰকাৰৰ এক সাফল্য। সমাজকৰ্মী বিপুলেন্দু শৰ্মায়ো ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সাফল্যৰ বিষয়ে উল্লেখ কৰে।  সভাত চৰকাৰৰ এশদিনীয়া যাত্ৰাৰ সাফল্য সম্পৰ্কীয় পুস্তিকা এখনো বিতৰণ কৰা হয়।

Post a Comment

Previous Post Next Post