অসমত এই সমূহ নীতি নিয়মৰ মাজেৰে খোলা হ’ব শিক্ষানুষ্ঠান সমূহ

আজি ৰাজ্যত প্ৰকাশ পালে নতুন SOP । ১০০ শতাংশ যাত্ৰীসহ যাতায়ত খোলাৰ নিৰ্দেশ চৰকাৰৰ। একেদৰে বিদ্যালয় – মহাবিদ্যালয় সমূহৰ বাবেও জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। কি কি নীতি নিয়মৰ মাজৰে শিক্ষানুষ্ঠান সমূহৰ পাঠদান হব সেই সম্পৰ্কে প্ৰকাশ কৰিলে কিছু নিৰ্দেশনা। নিৰ্দেশনা সমূহ এনেধৰনৰ –

🔹 স্নাতকোত্তৰ, স্নাতক, হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত বৰ্ষৰ পাঠদান মুকলি। ৬ ছেপ্তম্বৰৰ পৰা আৰম্ভ হব হব পাঠদান।

🔹 সকলো শিক্ষক আৰু কর্মচাৰী লগতে শিক্ষাৰ্থী সকলেও ভেকচিন লোৱাটো বাধ্যতামূলক হ’ব।

🔹 শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে প্ৰস্তুত কৰিব লাগিব সকলোৰে বাবে ভেকছিনৰ তালিকা।

🔹 এটা শ্ৰেণী কোঠাত সৰ্বাধিক ৩০ জন শিক্ষাৰ্থী থাকিব পাৰিব। ৩০ তকৈ বেছি শিক্ষাৰ্থী একেলগে পাঠদানত নিষেধাজ্ঞা।

🔹 ছাত্ৰ ছাত্ৰীৰ পৰিমাণ বৃদ্ধি হলে প্ৰয়োজনত বৃদ্ধি কৰিব লাগিব শ্ৰেণীকোঠাৰ সংখ্যা।

🔹 ৬ ছেপ্তম্বৰৰ পৰা সম্পূৰ্ণৰূপত পাঠদান হব চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ।

🔹হোষ্টলত থকা ছাত্ৰ ছাত্ৰীৰ বাবে দুয়োটা ভেকছিন লোৱাটো বাধ্যতামূলক। অন্যথা হোষ্টেলত থাকিব নোৱাৰিব।

Post a Comment

Previous Post Next Post