বঙাইগাঁৱত শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষাৰ পৰ্যালোচনা


বঙাইগাঁও,১০ ছেপ্টেম্বৰ : বঙাইগাঁও জিলাত শিশু অধিকাৰ সুৰক্ষিত হৈ আছে নে নাই তাৰ সম্পৰ্কত বুজ ল'বলৈ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতি,সদস্য ফনীন্দ্ৰ বুজৰবৰুৱা, সদস্যা ড: পিলু হাজৰিকা আৰু ৰূপা হাজৰিকা আহি বঙাইগাঁৱত উপস্থিত হয়। জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,উপ-আৰক্ষী অধীক্ষক লুনা সোনোৱাল, অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা,বঙাইগাঁও জিলা চেচন জজ , জিলা শিশু সুৰক্ষা বিষয়া ধনজিত চৌধুৰী, সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্নিমা মহন্ত,জিলা শ্ৰম বিষয়া,জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বিদ্যালয় সংমণ্ডলৰ পৰিদৰ্শক,খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়া,জিলা পৰিবহন বিষয়া,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,কাৰাগাৰ অধীক্ষক,আবকাৰী অধীক্ষক আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া জীতেন্দ্ৰ দাস আৰু কৌশিকা লহকৰ আদি বিষয়াৰ উপস্থিতিত শিশু অধিকাৰ সম্পৰ্কত বিভাগীয় দায়িত্বসমূহ কেনেদৰে পালন কৰি থকা হৈছে শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা আৰু সদস্য-সদস্যাসকলে তাৰ এক পৰ্যালোচনা কৰে। 

        এটি শিশুৱে সন্ত্ৰাসবাদ,প্ৰাকৃতিক দুৰ্যোগ,কাজিয়া,শিশু সৰবৰাহ,পৰ্ণগ্ৰাফী,বেশ্যাবৃত্তি,শিশু শ্ৰম আদিৰ কবলত পৰি যাতে পাবলগীয়া অধিকাৰসমূহৰ পৰা বঞ্চিত নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়াসকলে তাৰ বাবে নিজে দায়িত্ব পালন কৰিব লাগিব বুলি অধ্যক্ষাগৰাকীয়ে পৰামৰ্শ দিয়ে। এটি শিশু শিক্ষা,খাদ্য,আশ্ৰয় আদি অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়,মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য সেৱাৰ সুবিধাসমূহ যাতে পায়,তাৰ বাবে সঠিক ধৰণে কাম কৰিবলৈ অধ্যক্ষাগৰাকীয়ে কয়। কোনো শিশুৱে যাতে স্কুলৰ পৰা বাদ পৰি নাযায় তাৰ বাবে কাম কৰি যাব লাগিব। মাক যদি কাৰাগাৰত থাকিবলগীয়া হয় আৰু সেই মাতৃগৰাকীৰ যদি নাবালক শিশু থাকে তেতিয়া সেই শিশুটিয়ে সকলো সুবিধা পাব লাগিব।শিশু এটি যাতে শিক্ষাৰ পৰা বাদ পৰি নাযায় তাৰ বাবে সজাগতা সৃষ্টি কৰিব লাগিব।বাটৰ শিশুসকলেও যাতে আন সাধাৰণ শিশুৱে পোৱা সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ বাবেও শিশু সুৰক্ষা বিষয়াই চাব লাগিব।চাহ বাগিচা এলেকাত যাতে নাবালক শিশু এলকহলৰ চিকাৰ নহয় সেয়াও চাব লাগিব আবকাৰী বিষয়াই। ১৮ বছৰৰ তলৰ কন্যা যাতে বিয়া নহয় আৰু মাতৃত্বৰ বোজা ল'ব নালাগে তাৰ বাবেও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আৰক্ষীকো জনাব লাগিব।আৰক্ষীৰ লোকৰো যথেষ্ট দায়িত্ব আছে এই ক্ষেত্ৰত। কেচসমূহ আৰক্ষীয়ে যথাসম্ভৱ সোনকালে সমাধান কৰিব লাগিব।শিশু সম্পৰ্কীয় সজাগতা সভা পাতোতে জিলা চেচন ন্যায়াধীশৰ লগত যুটীয়াভাৱে পাতিব পাৰিব।জিলা পৰিবহন বিষয়াই চাব লাগিব যে কোনো ১৮ বছৰৰ তলৰ শিশুৱে যাতে গাড়ী নচলায় সেয়া লক্ষ্য ৰাখিব লাগিব।
মুঠতে শিশুৱে পাবলগীয়া কোনো অধিকাৰৰ পৰা যাতে শিশুটিয়ে বঞ্চিত নহয় সেয়া চোৱাটোৱে শিশু সুৰক্ষা বিষয়াৰ প্ৰধান দায়িত্ব ।

        বঙাইগাঁৱত শিশু আশ্ৰয়গৃহৰ ব্যৱস্থা যিহেতু নাই ,গতিকে শিশুসকলে যাতে আশ্ৰয়গৃহৰ সুবিধা পায় তাৰ বাবে চিৰাং জিলাত যি শিশু আশ্ৰয়গৃহ আছে তাতো বঙাইগাঁৱৰ আশ্ৰয়বিহীন শিশু ৰাখিব পাৰিব।

Post a Comment

Previous Post Next Post