বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ পোষণ বাটিকা ১১১৬ টা অংগনৱাডী কেন্দ্ৰত কলগছৰ পুলি ৰোপন

বঙাইগাঁও,৭ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগতো ১ ছেপ্টেম্বৰ তাৰিখৰ পৰা পোষণ মাহ পালন কৰি থকা হৈছে আৰু ৩০ ছেপ্টেম্বৰ,২০২১ ইংৰাজী তাৰিখলৈ পোষণ মাহৰ কাৰ্যসূচী চলি থাকিব। পোষণ মাহৰ কাৰ্যসূচীৰ অধীনত আজি জিলাখনত থকা মুঠ ১১১৬ টা অংগনৱাডী কেন্দ্ৰতে পোষণ বাটিকা অৰ্থাৎ অংগনৱাডী কেন্দ্ৰ চৌহদত একোখন ফলমূলৰ বাগিচা পতাৰ বাবে ফলমূলৰ গছপুলি ৰোপন কৰা হয়। বিশেষকৈ জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচৰ নিৰ্দেশমৰ্মে আজিৰ দিনতে ১১১৬ টা অংগনৱাডী কেন্দ্ৰতে একোটাকৈ কলগছৰ পুলি ৰোপন কৰা হয়।
         বীৰঝৰা চাহ বাগিচাৰ অন্তৰ্গত অংগনৱাডী কেন্দ্ৰতো আজি ফলমূলৰ গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 

সেই উপলক্ষ্যে জিলা সমাজ কল্যাণ বিষয়া মোগেন নৰহে উক্ত অংগনৱাডী কেন্দ্ৰ চৌহদত মধুৰি আম,আমলখি,আম, কঁঠাল,জামু,অমিতা,কলগছৰ পুলি আদি ফলমূলৰ গছপুলি ৰোপন কৰে।এই গছপুলিসমূহ ডাঙৰ হ'লে ইয়াৰ পৰা ফলমূলসমূহ অংগনৱাডী কেন্দ্ৰৰ শিশুসকলে খাব পাৰিব।ইয়াৰ উপৰিও নৰসিংহ, ভেদাইলতা,মচুৰ দাইল,মগু দাইল,ভেণ্ডি,বিলাহী,গাজৰ,চুজিৰ বৰফি,পায়স,গাখীৰ,ৰঙালাও,মটৰ মাহ,বুট মাহ আদি বিভিন্ন খাদ্য সামগ্ৰীৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।

       আজি ফলমূলৰ গছপুলি ৰোপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত কৰা হয়।সভাত জিলা সমাজ কল্যাণ বিষয়া মোগেন নৰহে মাতৃ আৰু শিশুৰ পৰিপুষ্টি দেশৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।কিয়নো এগৰাকী সুস্থ-সবল মাতৃয়েহে দেশৰ ভৱিষ্যত শিশুসকলক প্ৰকৃতাৰ্থত মানুহ কৰি গঢ়ি তুলিব পাৰিব।গতিকে আমাৰ গাঁৱলীয়া সমাজত সহজতে পোৱা শাক-পাঁচলি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে সজাগতা সৃষ্টিৰ অৰ্থে পোষণ মাহৰ কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে জিলাখনৰ সকলো অংগনৱাডী কেন্দ্ৰৰ লগতে বীৰঝৰা চাহ বাগিচা এলেকাতো পোষণ বাটিকা কাৰ্যসূচী হাতত লোৱা হৈছে।

        আজিৰ সভাত ডাংতলৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্ণিমা মহন্ত আৰু চাপৰাকাটা গাঁও-পঞ্চায়তৰ সভাপতিয়েও বক্তব্য ৰাখে।

       আজিৰ সভাত সামাজিক বনানীকৰণ বিভাগৰ বীট অফিচাৰো উপস্থিত থাকে।
         সভাত পোষণ অভিযানৰ বঙাইগাঁৱৰ সমন্বয়ক জীতেন্দ্ৰ দাস,প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা প্ৰকল্প সমন্বয়ক কৌশিকা লহকৰ আৰু চুপাৰভাইজাৰ,অংগনৱাডী কৰ্মী আৰু স্থানীয় মহিলাসকলো উপস্থিত থাকে।

Post a Comment

Previous Post Next Post