বঙাইগাঁৱত আত্ম-সহায়ক গোটৰ মেলা পতাৰ চিন্তা-চৰ্চা



বঙাইগাঁও, ৫ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া,আ এ এচ য়ে যোৱাকালি তেওঁৰ সভাকক্ষত কৃষি,কৃষি অভিযান্ত্ৰীকিকৰণ , জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,আই উপত্যকা বন সংমণ্ডল,সামাজিক বনানীকৰণ,সমবায়, ৰেচম,দুগ্ধ উন্নয়ন বিভাগ,মীন বিভাগ,হস্ততাঁত আৰু বস্ত্ৰ শিল্প ,পশুপালন,ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছন আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

         কৃষি বিভাগৰ অধীনত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী চূড়ান্তকৰণ সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই জিলা কৃষি বিষয়াৰ পৰা বুজ লয়।আনহাতে কে চি চি,প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আদিৰ ক্ষেত্ৰত কৃষি উন্নয়ন বিষয়াসকলক সক্ৰিয়ভাৱে কাম কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।আনহাতে বঙাইগাঁও জিলাৰ পৰা কৃষি উৎপাদিত যিকোনো সামগ্ৰী বিশেষকৈ নেমু টেঙা বিদেশলৈ পঠাব পাৰি নেকি সেই সম্পৰ্কে উপায়ুক্তগৰাকীয়ে কৃষি বিষয়াক ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিয়ে।তদুপৰি কৃষি যান্ত্ৰীকিকৰণ বিভাগৰ অধীনত বিতৰণ কৰিবলৈ বাকী থকা পাৱাৰটিলাৰ সম্পৰ্কতো বুজ লয়।


        সামাজিক বনানীকৰণৰ অধীনত প্ৰতিখন শিক্ষানুষ্ঠানত নিজৰ চৌহদত অন্তত ২১ টাকৈ গছপুলি ৰোপন কৰিবলৈ চৰকাৰে দিয়া পৰামৰ্শৰ বিষয়ত উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই কয় যে বীৰঝৰা মহাবিদ্যালয়ৰ ওচৰত থকা খাচ মাটিত গছপুলি ৰোপন কৰিব পৰা যাব।


         আনহাতে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয়াই জানিবলৈ দিয়ামতে সূতাৰ পাছবুক থকা শিপীনীয়ে বৰ্তমান ৫০ শতাংশ ৰেহাই মূল্যত য়াৰ্ন বেংকৰ পৰা সূতা কিনিব পাৰিব বুলি জনায়।পূৰ্বতে এই ৰেহাই আছিল ৩০ শতাংশ।

         ৰেচম বিভাগৰ অধীক্ষকে জানিব দিয়ে যে নাৰ্চাৰীত যিমান সংখ্যক চোম গছৰ পুলি আছে সেয়া ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰোপন কৰিব লাগিব।

         আনহাতে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ অধীনত যিসকল মৌ-পালকে ইতিমধ্যে বিদেশৰ জাতৰ মৌমাখি ৫ বাকচ পালন কৰিছিল সেয়া আমাৰ ইয়াৰ জলবায়ুৰ লগত খাপ নোখোৱা বাবে মৰি গ'ল বুলি জিলা প্ৰকল্প বিষয়াই জনায়।গতিকে বৰ্তমানে মৌমাখি পালক সকলে এতিয়া আমাৰ দেশীয় জাতৰ মৌমাখি ব্যৱসায়ভিত্তিত পালন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি জিলা প্ৰকল্প বিষয়াই সভাত জনায়।

         ইফালে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প বিষয়াই কয় যে নাবাৰ্ডে পৃষ্ঠপোষকতা কৰিলে এইবেলি অন্তত ৭ দিনৰ বাবে আত্ম-সহায়ক গোটৰ মেলা পতাৰ কথা ভৱা হৈছে।
        যোৱাকালিৰ পৰ্যালোচনা সভাত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ লগতে বিভাগীয় বিষয়াসকলো উপস্থিত থাকে।

Post a Comment

Previous Post Next Post