প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত বঙাইগাঁৱত সজাগতা সভা



বঙাইগাঁও,২৩ডিচেম্বৰ : বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত ২২ডিচেম্বৰ,২০২১ তাৰিখে উক্ত কেন্দ্ৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।বঙাইগাঁও উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী মহাপ্ৰবন্ধক কামাখ্যা প্ৰসাদ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী পৰিচালক হৰকুমাৰ দাসে।খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া জ্যোতিষ চন্দ্ৰ দাস,খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সহকাৰী সঞ্চালক মিল্টন পাঠক,বঙাইগাঁৱৰ অগ্ৰণী বেংকৰ পৰিচালক হেমতসিং ইছলাৰী,আৰু অভয়াপুৰীস্থিত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক তপন কুমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য ৰাখে।জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বিনু ৰাণী ৰাজবংশীয়ে স্বনিয়োজনত উদ্যোগৰ ভূমিকা সম্পৰ্কে বক্তব্য ৰাখে। সজাগতা সভাত খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ ডেমনষ্ট্ৰেটৰ ৰবিন দাসো উপস্থিত থাকে
        সভাত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ঋণ লাভ কৰি সফল তথা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অভয়াপুৰীৰ উদ্যোগী আমীৰণ নেছাও উপস্থিত থাকে।

        সভাপতিৰ ভাষণত কামাখ্যা প্ৰসাদ দাসে উঠি অহা যুৱক-যুৱতীসকলক উদ্যোগৰ জৰিয়তে আত্মসংস্থাপনৰ বাবে গুৰুত্ব দি নিজৰ লগতে আন দহজনকো সংস্থাপনৰ সুবিধা দিবলৈ আহ্বান জনায়।

         সভাত ভালে সংখ্যক যুৱ উদ্যোগীৰ লগতে বঙাইগাঁও আই টি আই কলেজৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post