১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদানৰ শুভাৰম্ভণি বিধায়ক আৰু উপায়ুক্তৰ


বঙাইগাঁও,৩জানুৱাৰী: ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে আজি বঙাইগাঁও জিলাতো ১৫-১৮বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয়।বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁৱৰ জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া(আই এ এছ)ই আজি বীৰঝৰা ছোৱালী হাইস্কুলত বন্তি প্ৰজ্বলনেৰে এই টিকা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।সহকাৰী আয়ুক্ত মুনমী শইকীয়া,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্যৰ লগতে কেবাগৰাকীও স্বাস্থ্য বিষয়াৰ উপস্থিতিত এই ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক টিকা প্ৰদানৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।বিদ্যালয়খনৰ'বৰ্ষা দেৱী'নামৰ ছাত্ৰীগৰাকীক আজি প্ৰথমে এই টিকা প্ৰদান কৰা হয়
        
টিকা প্ৰদান কাৰ্যসূচীত ভাষণ প্ৰসংগত বিধায়ক শ্ৰীচৌধুৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে ভয় নকৰি কোভিড ভেকচিন ল'বলৈ আগবাঢ়ি আহিব লাগিব,তেতিয়াহে চৰকাৰৰ এই কাৰ্যসূচী ফলপ্ৰসূ হ'ব।আৰু কোভিডৰ বাবে ল'বলগা সাৱধানতাসমূহ অৱলম্বন কৰিলেহে কোভিডৰ বিৰুদ্ধে যুঁজখনত আমি জয়ী হ'ম।

         উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই ভাষণ প্ৰসংগত কয় যে আমাৰ দেশৰ কিছুমান ৰাজ্যত ইতিমধ্যে ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।কোভিডৰ ভয়াবহতাৰ পৰা সকলো স্তৰৰ লোকক সুৰক্ষিত কৰি ৰাখিবলৈ ১৮ বছৰ বয়সৰ ওপৰৰ লোকসকলক ভেকচিন দিয়াৰ উপৰিও ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীকো এই টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে।আজি জিলাখনৰ ৪০খন বিদ্যালয়ত টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ১০ হেজাৰ ছাত্ৰ-ছাত্ৰীক আজি টিকা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে।

        জিলাখনৰ কোভিড-১৯ ৰ বাবে নিযুক্ত নোডেল বিষয়া আনন্দ শৰ্মাই আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে।

        উল্লেখ থাকে যে জিলাখনৰ ১৮ বছৰ বয়সৰ ওপৰৰ প্ৰায় সকলো লোককে প্ৰথম পালি কোভিড টিকা প্ৰদান সম্পূৰ্ণ কৰা হৈছে।প্ৰতিখন স্কুলতে জিলা উন্নয়ন আয়ুক্ত,অতিৰিক্ত উপায়ুক্ত,সদৰ মহকুমাধিপতি,সহকাৰী আয়ুক্ত,চেক্টৰেল দণ্ডাধীশ,বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াকে ধৰি একোগৰাকী বিষয়াক নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে।

Post a Comment

Previous Post Next Post