COVID-19 ৰ সুৰক্ষাসূচক পালি (Booster) উপলব্ধ ৰাইজৰ বাবে;লগতে ল'লে বঙাইগাঁৱৰ উপায়ুক্তই



বঙাইগাঁও,১০জানুৱাৰী : বঙাইগাঁও জিলাত আজি বিয়লি কোভিড-১৯ ৰ সুৰক্ষাসূচক পালি প্ৰদান শুভাৰম্ভ কৰা হয়।বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত আজি এই কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদানৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া(আই এ এছ)ই।উপায়ুক্তগৰাকীয়ে নিজে আজি প্ৰথমে কোভিড-১৯ ৰ সুৰক্ষাসূচক পালি গ্ৰহণ কৰে।

তেওঁৰ লগতে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰীতিমনি দাসেও এই সুৰক্ষাসূচক পালি গ্ৰহণ কৰে।আজি উদ্বোধনী ভাষণত উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই কয় যে কোভিডৰ তৃতীয় ঢৌ আহিব পাৰে,গতিকে আমি সজাগ হ'ব লাগিব।এই আশংকা কৰিয়েই কোভিডৰ ২পালি ভেকচিনৰ লগতে অতিৰিক্ত সুৰক্ষাসূচক পালিও গ্ৰহণ কৰাটো জৰুৰী।আমি কোভিডৰ নীতি-নিয়মসমূহ মানি চলিব লাগিব,মাস্ক পিন্ধিব লাগিব,সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব,তেতিয়াহে বঙাইগাঁও জিলাখনক আমি কোভিডৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিম।সকলোৰে সহযোগিতা লাগিব বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।আমি মিলিজুলি কাম কৰিব লাগিব।আগশাৰীৰ লোক,স্বাস্থ্যকৰ্মী, যিসকল লোকৰ বয়স ৬০ বছৰ বা তাৰ অধিক হৈছে আৰু যিসকল লোকে ইতিমধ্যে ২পালি কোভিড টিকা গ্ৰহণ কৰা ৯ মাহ হৈছে, তেওঁলোকে বৰ্তমানে এই কোভিডৰ সুৰক্ষাসূচক পালি ল'ব পাৰিব।

          আজিৰ এই কোভিড-১৯ ৰ সুৰক্ষাসূচক পালি প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,অতিৰিক্ত উপায়ুক্তদ্বয় নবজ্যোতি ওজা আৰু পংকজ চমুৱা,চক্ৰ বিষয়া ৰীতিমনি দাস,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য,অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা:লাবণ্য শৰ্মা,কোভিড-১৯ ৰ নোডেল বিষয়া আনন্দ শৰ্মা,মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা:মহিবুল ইছলাম,জিলা টিকাকৰণ বিষয়া ডা:পুস্পেন্দু দাসকে আদিকৰি চিকিৎসক,নাৰ্চ তথা আশাকৰ্মীসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post