কৃষি, বন, ৰেচম, হস্ততাঁত-বস্ত্ৰশিল্প, গ্ৰাম্য আৰু নগৰ জীৱিকা মিছন আদি বিভাগৰ উন্নয়নমূলক কামৰ পৰ্যালোচনা বঙাইগাঁও জিলা উন্নয়ন আয়ুক্তৰ



বঙাইগাঁও,২২ফেব্ৰুৱাৰী: বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে আজি কেবাটাও উন্নয়নমূলক বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সমবায়,ভূমি সংৰক্ষণ,সামাজিক বনানিকৰণ,ৰেচম,কৃষি,পশুপালন,ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন,ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন,দক্ষতা বিকাশ,জিলা উদ্যোগ আৰু বাণিজ্য বিভাগ আদি বিভাগৰ বিষয়াৰ লগত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে তেওঁলোকৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

         জিলা উন্নয়ন আয়ুক্তগৰাকীক কৃষি বিষয়া সঞ্জয় সেনগুপ্তই জনায় যে বৰ্তমানে কৃষি বিভাগৰ অধীনত ৫টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমে ধান ক্ৰয় কৰি আছে।আজিৰ তাৰিখলৈকে ৫৪০ মেট্ৰিক টন ধান ক্ৰয় কৰিছে।মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত জিলাখনত এতিয়ালৈকে ৪৭২খন ৰাজহ গাঁৱে এখনকৈ ট্ৰেক্টৰ লাভ কৰিছে।আৰু জিলাখনৰ ১৩৬৩ গৰাকী কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড ঋণ পাইছে। সমবায় বিভাগৰ পঞ্জীয়কক তেওঁলোকৰ বিভাগৰ বিষয়াক কৃষি বিভাগৰ ধান ক্ৰয় কামত সহায় কৰিবলৈ জিলা উন্নয়ন আয়ুক্তই নিৰ্দেশ দিয়ে।

        ভূমি সংৰক্ষণ বিভাগৰ বিষয়াক বান আৰু গৰাখহনীয়া ৰোধত সহায়ক হোৱাকৈ কেইটামান আঁচনি যুগুতাবলৈ পূৰ্ৱৰ পৰ্যালোচনা সভাত উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া(আই এ এছ)ই ইতিমধ্যে নিৰ্দেশ দিছিলে।আজিৰ সভাত ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই জিলা উন্নয়ন আয়ুক্তক জনায় যে ইতিমধ্যে উক্ত আঁচনি যুগুতাই দাখিল কৰিছে।

        ৰেচম বিভাগ আৰু দক্ষতা বিকাশ বিভাগৰ যুটীয়া উদ্যোগত এড়ী পলুৰ এবিধ আচাৰ বনোৱাৰ বাবে প্ৰক্ৰিয়া চলি আছে বুলি সংশ্লিষ্ট বিষয়াই জানিবলৈ দিয়ে।আনহাতে হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকে জনায় যে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত থলুৱা গামোচা ক্ৰয়ৰ এটা অভিযান চলি আছে।আনহাতে অধীক্ষকগৰাকীয়ে জনায় যে মুদ্ৰা ঋণৰ অধীনত ৯৪গৰাকী হিতাধিকাৰীৰ আবেদন বেংকলৈ মঞ্জুৰীৰ বাবে তেওঁ ইতিমধ্যে পঠাইছে।

         পশুপালন বিষয়াই জনায় যে পশুৰ নিয়মীয়া টিকাকৰণ চলি আছে।

        জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰন্ধকে সভাত জনায় যে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত অলপতে তেওঁৰ কাৰ্যালয়ৰ পৰা বিভিন্ন বেংকলৈ ২৩গৰাকী নিবনুৱা হিতাধিকাৰীৰ আবেদন পঠোৱা হৈছিলে আৰু সেইখিনিৰ এতিয়া মঞ্জুৰী প্ৰক্ৰিয়া কৰি থকা হৈছে।

        সামাজিক বনানিকৰণ বিভাগৰ অধীনত নগৰাঞ্চলত থলুৱা ঔষধি গছ ৰোপণ সম্পৰ্কীয় বনানীকৰণ"মিয়াৱাকি"(Japanese Scientist -Miyawaki ৰ নামেৰে নামাকৰণকৃত)ৰ আৰ্হিত বৃক্ষৰোপণ সম্পৰ্কত পূৰ্ৱৰ সভাত উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ নিৰ্দেশনামৰ্মে প্ৰকল্প যুগুত কৰা বুলি সামাজিক বনানীকৰণৰ সংমণ্ডল বন বিষয়াই জানিবলৈ দিয়ে।আজিৰ সভাত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ অধীনৰ আত্ম-সহায়ক গোটকো উদ্যোগীকৰণৰ অন্তৰ্গত কৰাৰ বাবে জিলা প্ৰকল্প প্ৰবন্ধকে অনুৰোধ জনায়।

         উল্লেখ থাকে যে যোৱাকালি জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে সমাজ কল্যাণ বিভাগৰ খতিয়ান লৈছিল।

Post a Comment

Previous Post Next Post