বঙাইগাঁও আই টি আইৰ উদ্যোগত শিক্ষানবীচ প্ৰশিক্ষণ মেলা



বঙাইগাঁও, ২১এপ্ৰিল: বঙাইগাঁও আই টি আই কলেজৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন শিক্ষানবীচ প্ৰশিক্ষণ মেলা আনুষ্ঠিত হয়। সমগ্ৰ ভাৰতবৰ্ষ জুৰি দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰ্যালয় আৰু সূক্ষ্ম,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় শিক্ষানবীচ (Apprenticeship) মেলাৰ অংশ হিচাপে অনুষ্ঠিত এই মেলাত কাৰিকৰী প্ৰশিক্ষণ থকা আৰু নথকা দুয়ো শ্ৰেণীৰ শিক্ষিত যুৱক-যুৱতীক শিক্ষানবীচ প্ৰশিক্ষণৰ সুবিধা দিয়াৰ বাবে এই শিক্ষানবীচ মেলাৰ আয়োজন কৰা হয়।


ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ Naya Bharat,Naye Avsar,Nayi Samridhi শ্লোগান সাৰোগত কৰি শিক্ষিত যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ বাবে প্ৰশিক্ষণ দিয়াই কৰ্ম দক্ষতা বৃদ্ধি কৰাটোৱেই হৈছে এই মেলাৰ উদ্যেশ্য।


আজিৰ অনুষ্ঠানটি বঙাইগাঁও আই টি আই কলেজৰ অধ্যক্ষ ৰাজু গোপালে সঞ্চালনা কৰে।অনুষ্ঠানত বঙাইগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিয়োগ বিষয়া,সহকাৰী নিয়োগ বিষয়া, মহাত্মা গান্ধী নেশ্যনেল ফেলো, দক্ষতা বিকাশ বিভাগৰ বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।আনহাতে চাংসাৰিৰ চিপেটৰ বিষয়ববীয়া, হোটেল জাহ্নৱী ৰিজেন্সিৰ স্বত্বাধিকাৰী, স্বাগত হাস্পতালৰ কৰ্মকৰ্তা, পেন্টালুন-ষ্টাইল বাজাৰ আদিকৰি ১৪টা প্ৰতিষ্ঠানৰ বিষয়ববীয়া নিয়োগকৰ্তা হিচাপে আজিৰ শিক্ষানবীচ মেলাত উপস্থিত থাকে।আনহাতে ১৬৬গৰাকী শিক্ষিত যুৱক-যুৱতীয়ে আজিৰ শিক্ষানবীচ মেলাত অংশগ্ৰহণ কৰে।আজিৰ অনুষ্ঠানত যুৱক-যুৱতীসকলক অনলাইন পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়াও শিকোৱা হয়।

Post a Comment

Previous Post Next Post