বঙাইগাঁৱৰ নৱনিযুক্ত উপায়ুক্ত নৱদ্বীপ পাঠকৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা



বঙাইগাঁও, ২৩এপ্ৰিল: আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে তেওঁৰ সভাকক্ষত শিক্ষা বিভাগৰ বিষয়াৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। অতিৰিক্ত উপায়ুক্ত(শিক্ষা) শ্যামল ক্ষেত্ৰ গগৈ আৰু অতিৰিক্ত উপায়ুক্ত নবজ্যোতি ওজাৰ উপস্থিতিত জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বঙাইগাঁও জিলা চক্ৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনৰ উপৰি শিক্ষা বিষয়া কীৰ্তি গোস্বামী, গৌতম ঠাকুৰীয়া, অভিনৱ চক্ৰৱৰ্তী, সৰ্বশিক্ষাৰ অভিযন্তা অজয় চৌধুৰী আদি বিষয়াৰ সৈতে তেওঁলোকৰ অধীনত চলি থকা বালা, আৱাসীক বিদ্যালয় শিক্ষা, অনাৱাসায়িক শিক্ষা, গুণোৎসৱৰ প্ৰস্তুতি, মধ্যাহ্ন ভোজন,আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ, অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ,স্কুল আধাতে এৰি দিয়া ছাত্ৰ-ছাত্ৰীৰ মূলসূতিকৰণ, নতুন শিক্ষণ কাৰ্যসূচী" শিশুৰূপে মাতৃ" শিক্ষা পদ্ধতি,জ্ঞান পখিলি, কমিউনিটী উৎসৱ ,শিক্ষকৰ ৰেশ্যনেলাইজেশ্যন আদিকৰি বিভিন্ন কাম-কাজৰ বুজ লয় নবনিযুক্ত উপায়ুক্ত নৱদ্বীপ পাঠকে।আৰু বিষয়াসকলক গুৰুত্বসহকাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে উপায়ুক্তগৰাকীয়ে।

        ইয়াৰ পিছতেই তেওঁৰ সভাকক্ষত অনুষ্ঠিত এক সভাত উপায়ুক্ত শ্ৰী পাঠকে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ পৰা বৰ্তমানে জিলাখনত থকা সুবিধাসমূহ তথা জিলাখনত চলি থকা চিকিৎসা সা-সুবিধাসমূহৰ বিষয়েও বুজ লয়।অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ আৰু নৱজ্যোতি ওজাৰ উপস্থিতিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:পৰেশ কুমাৰ ৰয়, জিলা আঁচনি প্ৰবন্ধক কৰুণা ব্ৰহ্ম,জিলা টীকাকৰণ বিষয়া পুস্পেন্দু দাস,জিলা যক্ষ্মা বিষয়া ডা:হৰিদাস সৰকাৰ, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: নজৰুল ইছলাম আদিকৰি চিকিৎসা বিষয়াৰ পৰা জিলাখনত চলি থকা বিভিন্ন চিকিৎসা সেৱা যেনে নিয়মিত টীকাকৰণ, চিকিৎসালয়ত প্ৰসৱ, জটিল গৰ্ভাৱস্থাৰ বিশেষ যত্ন, বৰ্তমান কোভিড হ'লে কেনেকুৱা সা-সুবিধা উপলব্ধ আছে,ৰোগ নিৰ্ণয়, পৰিয়াল পৰিকল্পনা, ভ্ৰাম্যমান চিকিৎসা কোষৰ কাৰ্যাৱলী আদিকৰি দিশসমূহৰ সবিশেষ বুজ লয়।

        উপায়ুক্ত শ্ৰী পাঠকে স্বাস্থ্য বিভাগৰ বিষয়া চিকিৎসকসকলক মানৱ সেৱাৰ দৃষ্টিভংগীৰে সেৱা আগবঢ়াই যাবলৈ পৰামৰ্শ দিয়ে।
         আজিৰ সভাত জিলা মিডিয়া এক্সপাৰ্ট জ্যোতিষা শইকীয়া,জিলা যক্ষ্মা সমন্বয়ক আদিকৰি আন আন বিষয়ববীয়াও উপস্থিত থাকে।

Post a Comment

Previous Post Next Post