বানত বঙাইগাঁৱত হোৱা ক্ষয়-ক্ষতিৰ আঁচনিৰ প্ৰস্তাৱত বিধায়কৰ পৰামৰ্শ


বঙাইগাঁও,২২ছেপ্টেম্বৰ : বঙাইগাঁও জিলাত এইবছৰত হৈ যোৱা বানপানীত সাধাৰণ লোকৰ ঘৰ-বাৰীৰ লগতে কৃষি,শিক্ষা,পশুপালন,লোকনিৰ্মাণ বিভাগ,জলসম্পদ,সমাজ কল্যাণ,মীন উন্নয়ন,এপিডিচিএল,জনস্বাস্থ্য কাৰিকৰী আদিকৰি বিভিন্ন বিভাগৰ ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰাৰ লগতে সেইবিলাক ক্ষয়-ক্ষতিৰ বিপৰীতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি পুণৰাই নিৰ্মাণ বা ক্ষতিপূৰণৰ আলোচনা কৰাৰ অৰ্থে আজি বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখনি সভা অনুষ্ঠিত কৰা হয়। 

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ উপস্থিতিত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া( আই এ এচ)ৰ সভাপতিত্বত তেওঁৰ সভাকক্ষত অনুষ্ঠিত সভাত বানত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাই এক প্ৰতিবেদন দাঙি ধৰে।ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ হাতত চক্ৰ পৰ্যায়ৰ টাস্ক ফোৰ্চৰ পৰা অনুমোদিত প্ৰস্তাৱসমূহ আজি পৰ্যালোচনা কৰা হয় আৰু যিবিলাক ক্ষয়-ক্ষতি সন্দৰ্ভত এতিয়ালৈকে প্ৰস্তাৱ অহা নাই সেইবিলাক উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই অতি শীঘ্ৰে তেওঁৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে যাতে বানত ক্ষতিগ্ৰস্ত কোনো লোক বা বিভাগে ক্ষতিপূৰণৰ পৰা বঞ্চিত হ'বলগীয়া নহয়।তদুপৰি উপায়ুক্তগৰাকীয়ে কয় যে আঁচনিসমূহ প্ৰস্তাৱ কৰোতে দূৰদৰ্শিতাৰে যেন কৰে যাতে প্ৰস্তাৱসমূহে অদূৰ ভৱিষ্যতে হ'ব পৰা সমস্যাৰ পৰাও মুক্ত কৰিব পাৰে।

       বিধায়ক ফণীভূষণ চৌধুৰী আৰু আব্দুল বাতেন খণ্ডকাৰে এই সন্দৰ্ভত নিজৰ নিজৰ মতামত দাঙি ধৰি কয় যে বিভাগীয় বিষয়াসকলে গুৰুত্বসহকাৰে প্ৰস্তাৱ কৰিব লাগিব যাতে কোনো বানত ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণৰ পৰা বঞ্চিত নহয়।    

          উল্লেখ থাকে যে এইবছৰ অক্টোবৰ মাহৰ শেষলৈ লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বাহিৰে জনস্বাস্থ্য কাৰিকৰী,শিক্ষা,সমাজ কল্যাণ,এপিডিচিএল,কৃষি,পশুপালন,মীন উন্নয়ন আদি বিভাগৰ বানত হোৱা ক্ষয়-ক্ষতি পূৰণৰ বাবে প্ৰস্তাৱিত আঁচনিৰ মঞ্জুৰী জিলা উপায়ুক্তগৰাকীয়ে দিব পাৰিব।জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ মঞ্জুৰীসমূহ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা হ'ব লাগিব।

Post a Comment

Previous Post Next Post