বঙাইগাঁৱত কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি,পশুপালন,সমবায় আদি বিভাগৰ আঁচনি ৰূপায়ণ আৰু কাম-কাজৰ পৰ্যালোচনা


বঙাইগাঁও,২৫ ছেপ্টেম্বৰ : আজি বিয়লি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ)আৰু জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ উপস্থিতিত কৃষি,পশুপালন,দুগ্ধ উন্নয়ন আৰু সমবায় বিভাগৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয়।কৃষি মন্ত্ৰী শ্ৰী অতুল বৰাক উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই সভাৰ আৰম্ভণিতে গামোচা আৰু ফুলৰ থোপাৰে সম্ভাষণ জনায়।

     কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাক জিলা কৃষি বিষয়া সঞ্জয় সেনগুপ্তই বঙাইগাঁৱত ৰূপায়ণ কৰি থকা আঁচনিসমূহ যেনে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা,পিএম কিষাণ আদিৰ বিষয়ে জানিবলৈ দিয়ে।যোৱাকালি ৰাতিপুৱা নিউ বঙাইগাঁও ৰেলষ্টেশ্যনৰ পৰা কামাৰপাৰা গাঁৱৰ প্ৰগতিশীল কৃষকসকলে শিলিগুৰিলৈ ৰপ্তানি কৰা ৫০০০টা বীজবিহীন নেমুৰ বিষয়েও কৃষিমন্ত্ৰীগৰাকীক জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে।ইয়াৰ উপৰিও সম্ভাৱ্য বানপানীত খেতিপথাৰ ক্ষতিগ্ৰস্ত হ'ব বুলি ভাবি ব্যৱস্থা কৰা কমিউনিটী নাৰ্চাৰী আৰু কৃষকৰ প্ৰয়োজন অনুসৰি কমিউনিটী নাৰ্চাৰীৰ কঁঠিয়াসমূহ বিতৰণ কৰাৰ বিষয়েও মন্ত্ৰী শ্ৰী বৰাক জিলা কৃষি বিষয়াই সভাত জানিবলৈ দিয়ে।

        আনহাতে মন্ত্ৰী শ্ৰী বৰাক পশুপালন,দুগ্ধ উন্নয়ন,সমবায় আদি বিভাগৰ বিষয়াসকলেও তেওঁলোকৰ বিভাগীয় আঁচনি ৰূপায়ণ তথা কাম-কাজৰ বিষয়ে অৱগত কৰে।

Post a Comment

Previous Post Next Post