বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ কাম-কাজৰ পৰ্যালোচনা উপায়ুক্তৰ


বঙাইগাঁও, ২৬অক্টোবৰ: আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ)ই জিলা স্বাস্থ্য সমিতিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক,অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া,জিলা টিকাকৰণ বিষয়া,মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়াসকল,খণ্ড চিকিৎসা বিষয়াৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে জিলা উপায়ুক্তগৰাকীয়ে শিশুৰ নিয়মীয়া টিকাকৰণ, গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন আৰু আৱশ্যকীয় প্ৰসৱপূৰ্ৱক চাৰিটা স্বাস্থ্য পৰীক্ষা ,গৰ্ভৱতী মহিলাৰ জটিল অৱস্থাৰ বাবে ল'বলগীয়া ব্যৱস্থা,চিকিৎসালয়ত প্ৰসৱ আদি সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই পৰ্যালোচনা কৰে।এইক্ষেত্ৰত শিশুৰ সম্পূৰ্ণ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্ৱক চাৰিটা পৰীক্ষা যাতে ১০০ শতাংশই হয় তাৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে চিকিৎসকসকলক পৰামৰ্শ দিয়ে।জিলাখনত লোৱা ব্যৱস্থাৱলীৰ বাবে নৱজাত শিশু আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাৰ বাবে উপায়ুক্তগৰাকীয়ে চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post