বঙাইগাঁও পৌৰসভা,অভয়াপুৰী পৌৰসভা আদিৰ কাম-কাজৰ পৰ্যালোচনা জিলা উন্নয়ন আয়ুক্তৰ


বঙাইগাঁও,২৬অক্টোবৰ : বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভাৰ অধীনত বৰ্তমানে চলি থকা ধ্বজাবাহী আঁচনিসমূহৰ কাম-কাজ পৰ্যালোচনা কৰে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে।আজি জিলা উন্নয়ন আয়ুক্তগৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এখন সভাত বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা বিষয়া বীৰেন্দ্ৰ কুমাৰ ৰায়ে এক প্ৰতিবেদন দাঙি ধৰে।তেওঁ জনোৱামতে বঙাইগাঁও পৌৰসভাৰ অধীনত বঙাইগাঁও চহৰৰ দুখীয়া লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ পকীঘৰ দিয়াৰ প্ৰক্ৰিয়া চলি আছে।প্ৰথম পৰ্যায়ত চহৰখনৰ ৩২৭ গৰাকী দুখীয়া হিতাধিকাৰীক পকীঘৰ দিয়াৰ বাবে বাচনি কৰা হৈছিল।তাৰে ভিতৰত ৩০৬ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰ) ৰ অধীনত প্ৰথম কিস্তিৰ ধন লাভ কৰিছে,১৯৭ গৰাকী হিতাধিকাৰীয়ে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিছে আৰু ১০৭ গৰাকী হিতাধিকাৰীয়ে তৃতীয় কিস্তিৰ ধন লাভ কৰিছে।২০২০-২০২১ বিত্তীয় বৰ্ষত বঙাইগাঁৱৰ ১৩৪ গৰাকী হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে।আনহাতে দ্বিতীয় পৰ্যায়ত ২২৪ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ) ৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰস্তাৱ পঠোৱা হৈছে।


         অভয়াপুৰী পৌৰসভাৰ অধীনতো প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ) ৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে হিতাধিকাৰী বাচনি কৰা হৈছে। অভয়াপুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া তন্ময় ঘোষে জনোৱামতে প্ৰথম পৰ্যায়ত ৪৪৭ গৰাকী হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধন লাভ কৰিছে আৰু ৩গৰাকী হিতাধিকাৰীয়ে অতি শীঘ্ৰে প্ৰথম কিস্তিৰ ধন লাভ কৰিব।আৰু দ্বিতীয় পৰ্যায়ত ৭৫ গৰাকী হিতাধিকাৰীক এই যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰস্তাৱ পঠোৱা হৈছে।ইযাৰ উপৰিও পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অভয়াপুৰী পৌৰসভা এলেকাত ১৫টা আন্ত:গাঁথনি নিৰ্মাণৰ কাম চলি আছে ।ইয়াৰে ভিতৰত ৰাজবাৰী পুখুৰীৰ পুনৰনবীকৰণ,ক্লক টাৱাৰ নিৰ্মাণ,অভয়াপুৰী বজাৰ এলেকাৰ ৭টা (paver block)পথ নিৰ্মাণ আদি কাম কৰি থকা হৈছে।ইয়াৰে ভিতৰত ৫টা পথ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি কাৰ্যবাহী বিষয়াই অৱগত কৰে।

Post a Comment

Previous Post Next Post