বঙাইগাঁও : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা


বঙাইগাঁও,২৭অক্টোবৰ : বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ)ই আজি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,জিলাখনৰ ডাংতল,সৃজনগ্ৰাম,টাপাট্টাৰী,বইটামাৰী আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ),এম জি এনৰেগা আদি আঁচনিৰ অধীনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে।জিলাখনত ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতিগত পিয়ল অনুসৰি অতিৰিক্ত তালিকাৰ ৫৪৫২৩ গৰাকী লোকৰ পৰা সংশোধিত কেচাঘৰৰ সূত্ৰ অনুসৰি যোগ্য হিতাধিকাৰী বাচনি কৰি পকীঘৰ দিয়াৰ লক্ষ্য বান্ধি দিয়া হৈছে চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ কাম বৰ্তমানলৈকে ৯৯.৭ শতাংশ সম্পূৰ্ণ হৈছে।বাকীখিনি অতি শীঘ্ৰে পৰিদৰ্শন কৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব।ইয়াৰ উপৰিও ইতিমধ্যে ৩৮৩ গৰাকী দুখীয়া হিতাধিকাৰীক মাটি প্ৰদান কৰি পকীঘৰ দিয়াৰ বাবে তালিকাভুক্ত কৰা হৈছে।আৰু ৩৭৬ টা ভূমিহীন পৰিয়ালক অতি কমেও ১০ লেচা মাটি প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত পকীঘৰ দিয়াৰ বাবে অতি সোনকালে ব্যৱস্থা লোৱা হ'ব।এইক্ষেত্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলৰ লগত আলোচনা কৰি মাটি প্ৰদান কৰাৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই পৰামৰ্শ দিয়ে।
        আনহাতে এম জি এনৰেগা আঁচনিৰ অধীনত গছপুলি ৰোপন,মহিলা আত্ম-সহায়ক গোটক উদ্যান শস্যৰ খেতি কৰিবলৈ,হাঁহ-কুকুৰা পালন,মীন পালন,গো-পালন আদি ক্ষেত্ৰত সাহায্য আগবঢ়োৱা আদি কাম কৰি থকা হৈছে।এম জি এনৰেগাৰ অধীনত চলি থকা কামত পাৰিশ্ৰমিকসমূহ সময়মতে দিবলৈ উপায়ুক্তগৰাকীয়ে খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে।
         আজিৰ সভাত প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যোজনা,সাংসদ আদৰ্শ গাঁও যোজনা আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত চলি থকা কাম-কাজৰো পৰ্যালোচনা কৰা হয়।উল্লেখ থাকে যে বঙাইগাঁও জিলাত প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও যোজনাৰ অধীনত ১৬খন গাঁও,সাংসদ আদৰ্শ গাঁও যোজনাৰ অধীনত ৰাঙাপানী গাঁও-পঞ্চায়ত আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ দুখনকৈ মুঠ ৬ খন গাঁও আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ বাচনি কৰা হৈছে।

Post a Comment

Previous Post Next Post