ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ বানত ক্ষতিগ্ৰস্ত বঙাইগাঁৱৰ হিতাধিকাৰীক সামগ্ৰীৰ টোপোলা বিতৰণ



বঙাইগাঁও, ৭অক্টোবৰ : বঙাইগাঁও জিলাত এই বছৰত বানপানী কম হ'লেও কিছুমান অঞ্চলত বহু লোক বানত ক্ষতিগ্ৰস্ত হৈছে।বঙাইগাঁও জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি বানত ক্ষতিগ্ৰস্ত মহিলাক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী( NDRF)ৰ তৰফৰ পৰা সাধাৰণ মহিলাক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰীৰ একোটাকৈ টোপোলা দিয়া হয়।এই উপলক্ষ্যে বঙাইগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত অনুষ্ঠিত সভাত কেন্দ্ৰীয়ভাৱে সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ ২০গৰাকী মহিলাক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয়।উল্লেখ থাকে যে জিলাখনৰ ২০০গৰাকী হিতাধিকাৰীক এই প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা দিয়াৰ বাবে বাচনি কৰা হৈছে।


          আজিৰ সভাত বঙাইগাঁৱৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচ য়ে এই বছৰৰ বানত জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ এক চমু আভাস দাঙি ধৰে।তেওঁ দিয়া তথ্যমতে জিলাখনত বইটামাৰী, সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৬৭খন গাঁৱৰ ৬৪২২৬ গৰাকী লোক বানাক্ৰান্ত হৈছিল। জিলাখনৰ ২২৯খন গাঁৱৰ ১৪১২.৬৮ হেক্টৰ খেতিপথাৰ বানত ক্ষতিগ্ৰস্ত হৈছিল আৰু ২৮খন গাঁও গৰাখহনীয়াৰ কবলত পৰিছিল।জিলাখনত ৭ টা আশ্ৰয় শিবিৰ,৭০ টা ৰিলিফ বিতৰণ কেন্দ্ৰ আৰু ৬টা অস্থায়ী আশ্ৰয়স্থল স্থাপন কৰা হৈছিল।বানাক্ৰান্ত ৬৭৮ গৰাকী লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছিল।কিন্তু সুখৰ কথা যে বঙাইগাঁও জিলাৰ কোনো লোকে বানত প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই আৰু কোনো পশুও নিধন হোৱা নাই।মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২৫৯টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল। বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ ১৩খন নাও ব্যৱহাৰ কৰা হৈছিল।

        বানৰ কবলত সৃজনগ্ৰাম চক্ৰৰ অধীনৰ ৯টা আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ ১টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছিল ,১৩৮টা পথ,১৪খন দলং,১৮১টা মীনমহল,জলসম্পদ বিভাগৰ প্ৰতিৰোধী বান্ধ ২টা,১৪খন প্ৰাথমিক বিদ্যালয়,৩টা অংগনৱাডী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ উপৰিও ২৮খন গাঁও খহনীয়াত ক্ষতিগ্ৰস্ত হৈছিল।

        বানাক্ৰান্ত তিনিওটা ৰাজহ চক্ৰৰ মুঠ ৭৬৪ গৰাকী লোকক নাওৰে উদ্ধাৰ কৰা হৈছিল ।উদ্ধাৰ কাৰ্যত জিলাখনৰ স্থানীয় প্ৰশাসনক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে সহায় কৰিছিল।আৰু ১৬৬টা পশু বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল।


         বানাক্ৰান্ত আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা মুঠ ১৬১৭.৮৯৬ কুইন্টল চাউল, ৩০৩.৮০৩ কুইন্টল দাইল, ৫৫.৩৩৭০কুইন্টল নিমখ,৪১৮৬.১৩৪৯ লিটাৰ মিঠাতেল, চিৰা, গুড়, আৰু ২০০৩.৩২ কুইন্টল গমৰ ভুচি পশুখাদ্য হিচাপে দিয়া হৈছিল। ইয়াৰ উপৰিও ত্ৰিপাল, বিস্কুট, আমূল গাখীৰ,মাডাৰ হৰলিক্স, শিশুখাদ্য, মমবাতি, স্বাস্থ্যসন্মত নেপকিন, ফেনাইল, মাস্ক, ছেনিটাইজাৰ, ব্লিচিং পাউদাৰ, হেলোজেন টেব্লেট, মহ খেদা ধূপ, দিয়াচলাই আদি প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছিল।

         আজিৰ সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জিলা প্ৰশাসনক ১০০টা লাইফ জেকেট দিয়া বুলি উল্লেখ কৰে।তদুপৰি কোভিডৰ সময়ত "মিলিজুলি" গ্ৰুপৰ কামত আপদা মিত্ৰৰ সহায়ৰ বাবে উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক ধন্যবাদ জ্ঞাপন কৰে।



         সভাত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাই সামগ্ৰীৰ টোপোলা বিতৰণত আঁত ধৰে।আৰু জিলা প্ৰকল্প বিষয়া অনন্ত সামন্ত তথা ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকল সভাত উপস্থিত থাকে।

       সভাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়া ব্ৰহ্মদেও যাদৱ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ অমিত বৰ্মনে তেওঁলোকৰ উদ্ধাৰ কাৰ্যত জিলা প্ৰশাসনে কৰা সহায়ৰ বাবে ভাষণ প্ৰসংগত ধন্যবাদ জ্ঞাপন কৰে।

          উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই আগন্তুক বৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post