বঙাইগাঁও: গান্ধী জয়ন্তী আৰু স্বচ্ছ ভাৰত দিৱসত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰঞ্জিত দাস


বঙাইগাঁও,২অক্টোবৰ :" অহিংসাৰ শপত ল'লেই নহ'ব,ইয়াক কাৰ্যকৰীও কৰিব লাগিব"---- আজি বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় অহিংসা দিৱসৰ শপত বাক্য পাঠ কৰোৱাই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য,অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে এইদৰে কয়। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গান্ধী জয়ন্তী তথা স্বচ্ছ ভাৰত দিৱস উদযাপন কৰা হয়।এই উপলক্ষ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত-সচিৱ তথা স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু জল জীৱন মিছন সঞ্চালক আকাশদীপ(আই এ এচ),মুখ্য অভিযন্তা চিৰঞ্জীৱ শইকীয়া,অতিৰিক্ত মুখ্য অভিযন্তা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গান্ধী জয়ন্তী আৰু স্বচ্ছ ভাৰত দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে কয় যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন পুৰণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰিছিল।ইয়াৰ অধীনত মুকলিত মলত্যাগমুক্ত দেশ হিচাপে ভাৰতবৰ্ষক গঢ়ি তুলিবলৈ গাঁও-চহৰ সকলোতে সৰ্বসাধাৰণ ৰাইজক বিনামূলীয়া শৌচাগাৰ সজাই দিয়াৰ ব্যৱস্থা কৰিছিল।শৌচাগাৰৰ লগতে ৰাইজৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ মানসেৰে জল জীৱন মিছনৰ শুভাৰম্ভ কৰিছিল।ইয়াৰ বাবে আজি ভাৰতৰ ভিতৰুৱা অঞ্চলত য'ত বিশুদ্ধ পানীৰ ব্যৱস্থা নাছিল সেইবিলাক অঞ্চলতো আজি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী উপলব্ধ হৈছে।আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ উত্তৰাখণ্ড,তামিলনাডু,গুজৰাট,মনিপুৰ আদি ৰাজ্যৰ পানী সমিতিৰ লগত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কথা পাতে।প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সযোগে দিয়া ভাষণত কয় যে জল জীৱন মিছনৰ জৰিয়তে সৰু সৰু ভিতৰুৱা অঞ্চলত পানী যোগানৰ মাধ্যমেৰে মানুহৰ কাম-কাজৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে। আজি স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে আমাৰ দেশৰ বিভিন্ন অঞ্চল পৰিস্কাৰ-পৰিচ্ছন্ন হৈছে।চৰকাৰৰ লক্ষ্যই হৈছে স্বচ্ছ ভাৰত মিছনৰ অধীনত নিজৰ গাঁও,চহৰ,জিলা,ৰাজ্য আৰু সমগ্ৰ দেশখন এখন পৰিস্কাৰ আৰু স্বাস্থ্যৱান দেশ হিচাপে গঢ়ি তোলা।তেতিয়াহে দেশৰ উন্নতি হ'ব।এইক্ষেত্ৰত সমাজৰ একেবাৰে ক্ষুদ্ৰ গোটৰ পৰা আৰম্ভ কৰি সকলো লোকৰে সমানেই দায়িত্ব আছে।জনসাধাৰণৰ সহায়-সহযোগ অবিহনে এয়া সম্ভৱ হ'ব নোৱাৰে।
         আজিৰ সভাৰ আৰম্ভণিতে মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে গান্ধীজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

         আজিৰ অনুষ্ঠানত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচ য়ে আদৰণি ভাষণ দিয়ে।আৰু উপায়ুক্তগৰাকীয়ে বঙাইগাঁও জিলা পানী আৰু অনাময় মিছনৰ পানী পৰীক্ষা কৰা পৰীক্ষাগাৰক দিয়া স্বীকৃতি আৰু প্ৰমাণপত্ৰ গ্ৰহণ কৰে।আজিৰ সভাত মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে আৰু আয়ুক্ত-সচিৱ আকাশদীপ ডাঙৰীয়াই বঙাইগাঁও জিলাত জল জীৱন মিছনৰ কামৰ ক্ষীপ্ৰতা দেখি উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াক ভূয়ঁসী প্ৰশংসা কৰে। সভাত জিলা পৰ্যায়ত" স্বচ্ছতা চেম্পিয়ন বটাঁ"প্ৰাপ্ত তিনিগৰাকী গাঁও-পঞ্চায়তৰ সভাপতি স্বপ্না বৰা(বড়িগাঁও গাঁও-পঞ্চায়ত),কুহিলা সৰকাৰ( মূলাগাঁও গাঁও-পঞ্চায়ত) আৰু ব্ৰজমোহন ৰায়(চাপৰাকাটা গাঁও-পঞ্চায়ত)ক সম্বৰ্ধনা জনোৱা হয়।আৰু জিলাখনৰ দেওহাটী নল পানী যোগানৰ তত্বাবধায়ক কল্পনা বৰ্মন,বাৰেগড় নল পানী যোগানৰ তত্বাবধায়ক সুহানা বেগম আৰু পাতিলাদহা নল পানী যোগানৰ তত্বাবধায়ক দীপিকা বৰুৱাকো সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ মাণিকপুৰ গাঁও-পঞ্চায়তৰ শংকৰ দাসক শ্ৰেষ্ঠ স্বচ্ছাগ্ৰহীৰ বটাঁও আজি প্ৰদান কৰা হয়। স্বচ্ছতা ফিল্মত অংশগ্ৰহণ কৰা শ্ৰেষ্ঠ ৩খন চুটী ফিল্মৰ বিষয়ববীয়াসকলকো মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে প্ৰমাণপত্ৰ প্ৰদান কৰে। ।সভাত বিভিন্ন পৰ্যায়ত পোৱা স্বচ্ছতাৰ আন বটাঁসমূহো বিতৰণ কৰা হয়।

          আনহাতে গাঁও এলেকাত জাৱৰ সংগ্ৰহ কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা দিয়া তিনিচকীয়া জাৱৰ সংগ্ৰহ কৰা চাইকেলসমূহো আনুষ্ঠানিকভাৱে প্ৰদান কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে।

          আজিৰ সভাত নলবাৰী,বৰপেটা,বাক্সা জিলাৰো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা,আই ই চি সমন্বয়ক,বঙাইগাঁও জিলাৰ গাঁও-পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post