বঙাইগাঁৱত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা

বঙাইগাঁও, ১৪জুন: অহা ২১জুন,২০২২ ইংৰাজী তাৰিখে "ৰাজ্যিক আয়ুস চ'ছাইটি,অসম"ৰ দ্বাৰা অষ্টম আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব।ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে জিলা প্ৰশাসন আৰু বেচৰকাৰী সংস্থা Institute of Yoga & Nutrition Science ৰ সহযোগত বঙাইগাঁওস্থিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সমীপৱৰ্তী এ এন এম ট্ৰেইনিং চেন্টাৰত অহা ১৬জুন,২০২২ইংৰাজী তাৰিখে ৰাতিপুৱা ৯-০০বজাৰ পৰা জিলা পৰ্যায়ত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই প্ৰতিযোগিতা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ'ব-প্ৰথম পৰ্যায়ত ১০বছৰ বয়সলৈ,দ্বিতীয় পৰ্যায়ত ১০বছৰৰ ওপৰৰ পৰা ১৮বছৰ বয়সলৈ,তৃতীয় পৰ্যায়ত ১৮বছৰ বয়সৰ ওপৰৰ পৰা ৩৫বছৰ বয়সলৈ আৰু চতুৰ্থ পৰ্যায়ত ৩৫বছৰ বয়সৰ ওপৰৰ লোকৰ মাজত যোগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।ব্যক্তি সাপেক্ষ(Individual) হ'ব চাৰিওটা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা।

 উল্লেখ থাকে যে যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে একোখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।

Post a Comment

Previous Post Next Post