বঙাইগাঁৱৰ ৮৬ খন গাঁও বানৰ কবলত, ৬টা আশ্ৰয় শিবিৰ মুকলি


বঙাইগাঁও,১৬জুন: বিগত কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে বঙাইগাঁও জিলাৰ আই,মানাহ আদি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে।তাৰ ফলস্বৰূপে জিলাখনৰ বঙাইগাঁও ৰাজহ চক্ৰ,ডাংতল আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ৮৬খন গাঁও বানাক্ৰান্ত হৈছে।বঙাইগাঁও ৰাজহ চক্ৰৰ বঙাইগাঁও চহৰৰ ৮ম্ খণ্ড,খাৰিজা দোলাইগাঁও প্ৰথম আৰু দ্বিতীয় খণ্ড,ডাংতল ৰাজহ চক্ৰৰ বিদ্যাপুৰ,ছিকিবিকি,দুৰ্গামাৰী আৰু হলাগুৰি গাঁওকেইখন প্লাবিত হৈছে।

আনহাতে মাণিকপুৰ ৰাজহ চক্ৰৰ আবাদী, আউলাগুৰি,বৰবিলা, বৰিপাৰা,বাওবাৰী,বেচিমাৰী, ভাটিপাৰা, বৰবাখৰা, বৰধূপ, চৌৰাগুৰি, ডাউকিঝাৰ, দেওটাৰী আলুখুন্দা, ডোমপাৰা, দনকিনামাৰী, গাৰোলেটী, গৰাইমাৰী, গোসাইগাঁও, হাপাচাৰা, ঝাওবাৰী, কাহীবাৰী, কুৰ্চামাৰী, কুছলাইগুৰি, লুংঝাৰ, মাণিকপুৰ, মোনাকছা, মৌখোৱা, ১নং নগৰঝাৰ , ১নং গাৰুগাঁও, ২নং জাৰাগুৰি,২নং নাচোনকুৰি,৩নং জাৰাগুৰি,৩নং ছালাবিলা,১নং বাশবাৰী,১নং ভাণ্ডাৰা,১নং চক্ৰশিলা,১নং ধুপুৰী,১নং জামদহা,১নং পালেংবাৰী,১নং পাতকাটা,১নং ছালাবিলা,২নং বাশবাৰী,২নং ভাণ্ডাৰা,২নং বৃদ্ধবাশী,২নং ধুপুৰী,২নং জামদহা,২নং কাৱাদী (সোনাইখোলা),২নং নোৱাপাৰা, ২নং পালেংবাৰী,২নং পাতকাটা,২নং ছালাবিলা,২নং সুপাৰিগুৰি,৩নং বাশবাৰী,৩নং ভাণ্ডাৰা,৩নং গাৰুগাঁও,৩নং জামদহা,৩নং নাচোনকুৰি,৩নং পাতকাটা,৪নং বাশবাৰী,৪নং ভাণ্ডাৰা,৪নং জামদহা,৫নং বাশবাৰী,৫নং ভাণ্ডাৰা,৫নং জামদহা,৬নং বাশবাৰী,৬নং ভাণ্ডাৰা,৬নং জামদহা, ৭নং বাশবাৰী, ১নং নোৱাপাৰা, নোৱাগাঁও, ওদলাগুৰি, পাতিলাদহা,শালমাৰা, শিলঘাগিৰি,টকাবাৰী আৰু উজানডুবিকে ধৰি ৭৯খন গাঁও বানৰ কবলত পৰিছে।তিনিওটা ৰাজহ চক্ৰ মিলি সৰ্বমুঠ ৮৬খন গাঁও প্লাবিত হৈছে।আৰু এই ৰাজহ চক্ৰ তিনিটাৰ মুঠ ৭৭৭৭০গৰাকী লোক বানৰ কবলত পৰিছে।আনহাতে ১২০১.০০হেক্টৰ খেতিপথাৰ প্লাবিত হৈছে।

        বানাক্ৰান্ত লোকৰ বাবে বঙাইগাঁও ৰাজহ চক্ৰত নেতাজী বিদ্যা নিকেতন(১),ডাংতলৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়(১),মেল্লনপুৰি এল পি স্কুল(১),৪৭১ছিকিবিকি এল পি স্কুল(১), হলাগুৰি এল পি স্কুল(১) আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ নগৰঝাৰত অস্থায়ী শিবিৰ(১)কে ধৰি মুঠ ৬টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।এই ছটা আশ্ৰয় শিবিৰত মুঠ ১১৪৮গৰাকী লোকে আশ্ৰয় লৈ আছে।তাৰে ভিতৰত ২৩৫টি শিশু আৰু ২গৰাকী গৰ্ভৱতী আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে।বানাক্ৰান্ত ১৪০গৰাকী লোকক অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগৰ লোক তথা স্থানীয় লোকে ৩খন নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰিছে আৰু বানাক্ৰান্ত লোকৰ বাবে এটা চিকিৎসা সেৱা দল নিয়োগ কৰা হৈছে।

Post a Comment

Previous Post Next Post