বঙাইগাঁৱত অভিভাৱক মন্ত্ৰী ৰণজিৎ দাসৰ বান পৰিদৰ্শন


বঙাইগাঁও, ২১জুন: বঙাইগাঁও জিলাত হোৱা বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ বাবে আজি ৰাতিপুৱাৰ ভাগতে উপস্থিত হয় খাদ্য,অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস।তেওঁ জিলাখনৰ যোগীঘোপা,মালেগড়,পাচনীয়া আদি ঠাইৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰে আৰু বন্যাৰ্তৰ সৈতেও কথা পাতে।তেওঁ কয় যে বন্যাৰ্তসকলক চৰকাৰে সহায়-সাহায্য আগবঢ়াই আছে আৰু আগলৈও সাহায্য আগবঢ়াই যাব।

চৰকাৰ সদায় ৰাইজৰ লগত আছে আৰু থাকিব।তেওঁ কয় যে তেওঁ নিজেও নিজৰ সমষ্টিৰ উপৰি নিজৰ দায়িত্বত থকা জিলাসমূহ ভ্ৰমণ কৰি বন্যাৰ্তৰ অৱস্থাৰ বুজ লৈছে আৰু সেইমতে উপায়ুক্তসকলৰ জৰিয়তে বন্যাৰ্তক সহায় কৰি আছে।

 আজি মন্ত্ৰী শ্ৰী দাসৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কালত তেওঁক সংগ দিছিল জিলা উপায়ুক্ত নবদ্বীপ পাঠক,অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি(ভাৰপ্ৰাপ্ত)পাৰ্থসাৰথি জহৰী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লবজ্যোতি নাথে।

Post a Comment

Previous Post Next Post