"অসমত নাথাকিব শিক্ষকবিহীন বিদ্যালয়" : শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু


বঙাইগাঁও, ৭জুলাই: বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত নামনি অসম মণ্ডলৰ  বঙাইগাঁও, বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ লগতে নবগঠিত দক্ষিণ শালমাৰা আৰু বজালী জিলাৰ অন্তৰ্গত মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা বিষয়াৰ সন্মিলনত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু উপস্থিত থাকে। সন্মিলনখনি শুভাৰম্ভ কৰি দিয়া ভাষণত শিক্ষামন্ত্ৰী ডা: পেগুৱে কয় যে অসমত অতি শীঘ্ৰে শিক্ষকবিহীন বিদ্যালয় নাইকীয়া কৰা হ'ব।


যিবিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে,অথচ তাত থকা শিক্ষকসকলৰ অৱসৰ হোৱাৰ পিছত আৰু শিক্ষক নিযুক্ত কৰা হোৱা নাই সেইবিলাক বিদ্যালয় নিকটৱৰ্তী বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব। স্কুল যিমানে ডাঙৰ হ'ব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিমানে বাঢ়িব সিমানে বিদ্যালয়বিলাক শৈক্ষিক দিশত সুবিধাজনক হ'ব,পৰিচালনা কৰাতো সুবিধা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


আনহাতে যুক্তিপূৰ্ণ বদলিকৰণৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। কিয়নো যদিহে এগৰাকী মহিলাই নিজৰ ঘৰৰ ওচৰৰ স্কুলত শিক্ষকতা কৰাৰ সুবিধা পায় তেতিয়া তেওঁ শৈক্ষিক দিশত বেছি মনোযোগ দিব পাৰিব। বা কোনো শিক্ষকে যদি বুজাবুজি কৰি নিজৰ নিজৰ ঠাইলৈ বদলি হ'ব বিচাৰে তেনেহ'লে চৰকাৰে একো বাধা নিদিয়ে আৰু সেই ক্ষেত্ৰত শিক্ষা বিষয়াসকলেও আপত্তি কৰিব নালাগে।


আনহাতে যিবিলাক স্কুলত কোনো বিষয়ৰ শিক্ষকৰ পদ খালী হৈ আছে সেইবিলাক সম্পূৰ্ণকৈ চৰকাৰক জনাবলৈ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে খালী থকা শিক্ষকৰ পদত শিক্ষক নিযুক্ত কৰি বিদ্যালয়সমূহৰ শৈক্ষিক অগ্ৰগতি সাধন কৰিব পাৰে।তেতিয়া শিক্ষাৰ গুণগত মান উন্নত হ'ব।
 তদুপৰি কোন কোন শিক্ষকে কেতিয়া অৱসৰ ল'ব তাৰ হিচাপ বিস্তৃতভাৱে দিয়াটোও নিশ্চিত কৰিবলৈ বিষয়াসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও যিবিলাক বিদ্যালয়ৰ কেচাঘৰ আছিল আৰু বানত নষ্ট হৈছে ,সেই বিদ্যালয় পুনৰাই নিৰ্মাণ কৰোতে পকীঘৰ হিচাপে বনাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।


শিক্ষামন্ত্ৰী ডা:পেগুৱে ভাষণ প্ৰসংগত উল্লেখ কৰে যে বিদ্যালয়ৰ আন্তৰ্গাঠনিৰ সমস্যা অহা দুবছৰৰ ভিতৰত অন্ত পেলোৱাৰ বাবে চৰকাৰে মিছন হিচাপে কাম কৰিব আৰু শিক্ষা বিষয়াসকলে তাৰ বাবে গুৰুত্বসহকাৰে কাম কৰিব লাগিব।নৱম আৰু দশম শ্ৰেণীৰ ডিজিটেল ক্লাছ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।


আজিৰ সভাত আদৰণি ভাষণ দিয়ে বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে। সভাত মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উপস্থিত থাকি জিলা পৰ্যায়ৰ শিক্ষা বিষয়াসকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়।সভাত প্ৰাথমিক শিক্ষা বিভাগৰ সচিব ড:বিজয়া চৌধুৰী,মাধ্যমিক শিক্ষা সঞ্চালক মমতা চৌধুৰী,প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি,বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা) শ্যামল ক্ষেত্ৰ গগৈ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা আৰু বজালী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকল, জিলা প্ৰাথমিক শিক্ষা বিষয়াসকল, উপ-পৰিদৰ্শকসকল আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post