"মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী"ৰ জিলা পৰ্যায়ত শুভাৰম্ভ বঙাইগাঁৱৰ উপায়ুক্তৰ


বঙাইগাঁও, ১৮জুলাই: ১৫ জুলাই, ২০২২ ইংৰাজী তাৰিখৰ পৰা ১৫আগষ্ট, ২০২২ ইংৰাজী তাৰিখলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অনুষ্ঠান-প্ৰতিষ্ঠানত এক বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰিছে। এই "মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী"ৰ অংশ হিচাপে আজি বঙাইগাঁও জিলাত উপায়ুক্ত নবদ্বীপ পাঠকে বৃক্ষৰোপনৰ শুভাৰম্ভ কৰে। জিলাখনৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰিস্থিত শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰ চৌহদত উপায়ুক্ত শ্ৰী পাঠকে শিলিখা,আমলখি আদি ঔষধি গুণসম্পন্ন বৃক্ষ ৰোপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ জিলা পৰ্যায়ত শুভাৰম্ভ কৰে।

বৃক্ষৰোপন কৰি দিয়া বক্তব্যত উপায়ুক্তগৰাকীয়ে কয় যে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু প্ৰতিখন জিলাতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,চৰকাৰী কাৰ্যালয়,সংস্থা সকলোতে বৃক্ষৰোপন কৰিবলৈ আহ্বান জনাইছে।

আমলখি, শিলিখা, অগৰু, চন্দন, মধুৰিআম, জলফাই আদি মূল্যৱান গছ ৰোপনৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ লগতে ৰাইজে বৃক্ষসমূহৰ দ্বাৰা ঔষধি দ্ৰব্য লাভ কৰিও উপকৃত হ'ব। তেওঁ আৰু জনায় যে যিবিলাক গছপুলি ৰোপন কৰা হ'ব সেইবিলাক গছৰ এটা নিৰ্দিষ্ট সময়লৈকে প্ৰতিপাল কৰাতো গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে যাতে গছপুলিটো ৰোপন কৰা সাৰ্থক হয়। আমাৰ পৰিৱেশ আজি প্ৰদূষিত হৈছে,গোলকীয় উষ্ণতা বাঢ়িছে,বৰষুণৰ পৰিমাণ কমিছে।প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে বনানীকৰণ কৰাটো অতি জৰুৰী হৈ পৰিছে।গতিকে উপায়ুক্তগৰাকীয়ে ৰাইজক আহ্বান জনায় যাতে সকলোৱে পৰিৱেশ সুৰক্ষিত কৰি ৰখাত প্ৰশাসনক সহায় কৰে।


 আজিৰ এই"মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী"অনুষ্ঠানত উপায়ুক্তক সংগ দিয়ে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে।অনুষ্ঠানৰ আয়োজন কৰে বন সংৰক্ষক ৰাজেন চৌধুৰী, আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী আৰু সামাজিক বনানীকৰণ বিভাগৰ ডি-এফ-অ'(ভাৰপ্ৰাপ্ত) সুবোধ তালুকদাৰ আৰু অভয়াপুৰীৰ আঞ্চলিক বন বিষয়া জয়ন্ত দাস আদিকৰি সকলো কৰ্মকৰ্তাই।বৃক্ষৰোপন কাৰ্যসূচীত স্থানীয় ৰাইজ আৰু শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰৰ পৰিচালনা কমিটীয়ে সহায়-সহযোগিতা আগবঢ়ায়।

 সমান্তৰালকৈ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰাও অভয়াপুৰীস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত তামোল গছ আদি ৰোপন কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ বিভিন্ন কাৰ্যালয়,সংস্থা,প্ৰতিষ্ঠান আদিত আগষ্ট মাহৰ ১৫তাৰিখলৈ এই বৃক্ষৰোপণ কাৰ্যসূচী চলি থাকিব।

Post a Comment

Previous Post Next Post