বঙাইগাঁও: লাচিত বৰফুকনৰ বিষয়ত লেখা আহ্বান; শ্ৰেষ্ঠ ৫ লিখনিক পুৰস্কৃত কৰা হব


বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ নাগৰিকৰ দ্বাৰা লিখা লাচিত বৰফুকনৰ সন্দৰ্ভত লিখনি আহ্বান কৰা হৈছে। লাচিত বৰফুকনৰ ৪০০তম্ জন্ম বাৰ্ষিকী উপলক্ষ্যে চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ পৰা বীৰজনৰ সম্পৰ্কত উপায়ুক্তৰ জৰিয়তে লিখনি বিচৰা হৈছে।

● লিখনিসমূহ ১০০(এশ) ৰ পৰা ১০০০ (এহেজাৰ) শব্দৰ ভিতৰত লিখা হ'ব লাগিব।
● লিখনিসমূহ স্পষ্টকৈ হাতেৰে লিখা বা A4 Size ৰ কাগজত টাইপ কৰা হ'ব লাগিব। 

ইচ্ছুক ছাত্ৰ-ছাত্ৰী বা সাধাৰণ নাগৰিকসকলে লিখনিসমূহৰ Hard copy নাইবা Soft copy জমা দিব লাগিব। ssabongaigaon@rediffmail.com ই-মেইল যোগে Soft copy আৰু Hard copy জমা দিব বিচাৰিলে SSA Office ত (ডিপিঅ') কীৰ্তি গোস্বামীৰ হাতত জমা দিব পাৰিব। 

নিৰ্বাচিত ১০০(এশ)টা লিখনি জিলা প্ৰশাসনৰ ৱেৱচাইটত আপলোড কৰা হ'ব আৰু ফেইচবুক পেজতো আপলোড কৰা হ'ব। জিলাখনৰ পৰা ৫ (পাঁচ) টা শ্ৰেষ্ঠ লিখনি সাধাৰন প্ৰশাসন বিভাগলৈ পঠোৱা হ'ব আৰু লাচিত বৰফুকনৰ ৪০০ (চাৰিশ) তম্ জন্ম জয়ন্তী উপলক্ষ্যে আয়োজিত অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো ১৫ছেপ্তেম্বৰ, ২০২২ ইংৰাজী তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।

Post a Comment

Previous Post Next Post